Wednesday 13 March 2013

জীৱাণুসাৰ... Biofertilizer


                                      
        সেউজী ধৰণী
জীৱাণুসাৰ

ডঃ চাদিকুল হুছেইন

এডৰা মাটিত বহু বছৰ ধৰি খেতি কৰি থাকিলে স্বাভাৱিক কাৰণতে মাটিৰ উর্বৰা শক্তি কমি আহে। এনে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে প্রধানকৈ ৰাসায়নিক সাৰৰ ওপৰত নির্ভৰ কৰা হয়। সম্প্রতি এটা হিচাবত দেখা গৈছে যে ভাৰতবৰ্ষত ২০২০ চনত যি পৰিমাণৰ খাদ্যসামগ্রীৰ আৱশ্যক হ’ব সেইখিনি উৎপাদন কৰিবলৈ ২৮.৮ মিলিয়ন টন ৰাসায়নিক সাৰৰ প্রয়োজন হ’ব। আনহাতে সেই সময়লৈ দেশে কেৱল ২১.৬ মিলিয়ন টন সাৰ উৎপাদন কৰিবলৈহে সক্ষম হ’ব। অৰ্থাৎ ৭.২মিলিয়ন টন সাৰৰ ঘাটি পূৰাবলগীয়া হ’ব। ৰাসায়নিক সাৰৰ এনে নাটনিৰ বাবে সামগ্রীবিধৰ মূল্য ক্রমে বাঢ়ি যাব, যাৰ বাবে খাদ্যশস্য উৎপাদনত নানান সমস্যাই দেখা দিব এনে সমস্যাৰ পৰা হাত সাৰিবলৈ বর্তমান বিজ্ঞানীসকলে ৰাসায়নিক সাৰৰ বিকল্প হিচাপে  জৈৱিক সাৰৰ  বিষয়ে চিন্তা-চচ্চা কৰিছে। আনহাতে  জৈৱিক কৃষিৰ অগ্রগতি হোৱাৰ বাবেও জৈৱিক সাৰৰ গুৰুত্ব বৃদ্ধি পাব ধৰিছে। এনে বহুবোৰ কাৰণৰ বাবে বর্তমান ৰাসায়নিক সাৰৰ বিকল্প অথবা পৰিপুৰক হিচাপে জৈৱিক সাৰৰ ব্যৱহাৰ ক্রমে বাঢ়িলৈ ধৰিছে আৰু এই ক্ষেত্রত  অনাগত দিনত জীৱাণুসাৰৰ ভূমিকা অতি গুৰুত্বপূর্ণ হ’ব। বিভিন্ন পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পচনসাৰ, সেউজসাৰ, কেঁচুসাৰ আদিৰ দৰেই জীৱাণুসাৰ এনে এবিধ জৈৱিক সাৰ যিবিধে মাটিৰ উর্বৰতা শক্তি বৃদ্ধি কৰাৰ লগতে গুণাগুণ উন্নত কৰে।
    জীৱাণুসাৰ কি?

জীৱাণুসাৰ হ’ল মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা কিছুমান অণুজীৱ আৰু এইবোৰ বহন কৰা বাহক পদাৰ্থৰ এক মিশ্রণ। ইতিমধ্যে বিজ্ঞানীসকলে সাৰ যোগান ধৰিব পৰা কিছুমান অণুজীৱ চিনাক্ত কৰিছে আৰু বাহক পদাৰ্থৰ সংমিশ্রণৰে জীৱাণুসাৰ প্রস্তুত কৰিছে। অৱশ্যে শস্যভেদে জীৱাণুসাৰ বেলেগ বেলেগ  
উদ্ভিদ পৰিপুষ্টিৰ বাবে যি ১৭বিধ প্রধান মৌলৰ আৱশ্যক তাৰ ভিতৰত নাইট্র’জেন অন্যতম। বতাহত প্রায় ৭৭ শতাংশ নাইট্র’জেন আছেকিন্তু মাহজাতীয় শস্যৰ বাহিৰে আন উদ্ভিদে পৰিপুষ্টিৰ বাবে এই ভাগ নাইট্র’জেন পোনপটীয়াকৈ বতাহৰ পৰা আহৰণ কৰিব নোৱাৰে। মাটিত থকা কিছুমান অণুজীৱই বায়ুমণ্ডলৰ পৰা নাইট্র’জেন আহৰণ কৰি উদ্ভিদক যোগান ধৰে। সেইদৰে আন কিছুমান অণুজীৱই মাটিত অদ্রৱীভূত ৰূপত থকা ফছফৰাছক দ্রৱীভূত ৰূপলৈ পৰিৱৰ্তন কৰি গছে আহৰণ কৰিব পৰা অৱস্থালৈ আনে। এনেবোৰ অণুজীৱক বাহক পদাৰ্থৰ লগত মিহলাই জীৱাণুসাৰ প্রস্তুত কৰা হয়। বাহক পদাৰ্থ হিচাপে সাধাৰণতে কয়লা গুৰি, ছাঁই, কাঠৰ গুৰি, শুকান মাটি,বালি আদি ব্যৱহাৰ কৰা হয়। এনেবোৰ সাৰ গুৰি ৰূপত থাকে। অৱশ্যে বর্তমান জুলীয়া ৰূপতো এইবিধ সাৰ উপলব্ধ হৈছে। জুলীয়া ৰূপৰ জীৱাণুসাৰ প্রায় দুবছৰ কাল নষ্ট নোহোৱাকৈ থ’ব পৰা যায়। আনহাতে গুৰি ৰূপত থকা জীৱাণুসাৰ প্রস্তুত কৰাৰ  ছমাহৰ ভিতৰত ব্যৱহাৰ কৰিব লাগে।  
    জীৱাণুসাৰৰ প্রয়োজনীয়তা

১)ৰাসায়নিক সাৰৰ  নাটনি পূৰাবলৈ
২)ৰাসায়নিক সাৰৰ অত্যাধিক প্রয়োগৰ বাবে মাটিৰ গুণাগুণ নষ্ট হোৱা ৰোধ  কৰিবলৈ   
৩) নাইট্র’জেনযুক্ত সাৰৰ অত্যাধিক প্রয়োগৰ বাবে দূষিত হৈ পৰা বায়ু আৰু পানী বিপদমুক্ত কৰিবলৈ
৪) ক্রমবৰ্ধমান মূল্যৰ বাবে সুষম পৰিমাণত সাৰ প্রয়োগ কৰিবলৈ অপাৰগ হোৱা ক্ষুদ্র আৰু মজলীয়া কৃষকক সকাহ দিবলৈ
৫) সাৰ কাৰখানাৰ বাবে হোৱা প্রদূষণ হ্রাস কৰিবলৈ

   জীৱাণুসাৰৰ উপকাৰীতা
১) শস্য বিশেষে উৎপাদন ২০-৩০% বৃদ্ধি পায়
২) প্রয়োজন হোৱা নাইট্র’জেন আৰু ফছফৰাছযুক্ত সাৰৰ ২৫% যোগান ধৰিব পাৰে
৩) উদ্ভিদৰ শ্রীবৃদ্ধিত সহায় কৰে
৪) মাটিৰ জৈৱিক প্রক্ৰিয়া সক্ৰিয় কৰে
৫) মাটিৰ স্বাভাৱিক উৰ্বৰতা অটুত ৰাখে
৬)খৰাং পৰিস্থিতিত শস্যক সুৰক্ষা দিয়াৰ লগতে মাটিত থকা কেতবোৰ বীজাণুৰ আক্ৰমণৰ পৰা উদ্ভিদক ৰক্ষা কৰে
৭) পৰিৱেশ তথা জীৱ-জন্তুৰ অনিষ্টসাধন নকৰে 

   জীৱাণুসাৰৰ প্রকাৰ

যোগান ধৰা মৌলৰ ওপৰত ভিত্তি কৰি জীৱাণুসাৰ প্রধানকৈ দুটা প্রকাৰত ভাগ কৰা হয়- ক) নাইট্র’জেন সৰবৰাহকাৰী, খ) ফছফৰাছ দ্রৱীভূতকাৰী

    ক)নাইট্র’জেন সৰবৰাহকাৰীঃ- বিজ্ঞানীসকলে কেতবোৰ অণুজীৱক বাহক পদাৰ্থৰ লগত মিহলাই সাৰ হিচাপে ব্যৱহাৰ কৰি উদ্ভিদক নাইইট্র’জেন মৌল যোগান ধৰিবলৈ সক্ষম হৈছে। এই জীৱাণুকেইবিধ হ’ল- ৰাইজ’বিয়াম, এজ’স্পাইৰিলাম, এচিট’বেক্টাৰ আৰু এজ’ট’বেক্টাৰ। এই কেইবিধক ব্যৱহাৰ কৰি নাইট্র’জেন সৰবৰাহকাৰী জীৱাণুসাৰ প্রস্তুত কৰা হয় আৰু অণুজীৱৰ নাম অনুসৰি  সাৰকেইবিধক জনা যায়।  
     
       খ) ফছফৰাছ দ্রৱীভূতকাৰীঃ- ফছফৰাছযুক্ত সাৰ প্রয়োগ কৰাৰ পাছত ইয়াৰ অধিকাংশই গছে আহৰণ কৰিব নোৱাৰে। এইভাগ সাৰ  অদ্রৱীভূত ৰূপত মাটিত আৱদ্ধ হৈ থাকি  যায়। কিছুমান অণুজীৱই অদ্রৱীভূত ৰূপত থকা এই সাৰভাগক দ্রৱীভূত ৰূপলৈ পৰিৱৰ্তন কৰি গছে আহৰণ কৰিব অৱস্থালৈ আনে। এনে অণুজীৱক জীৱাণুসাৰ প্রস্তুত কৰিবলৈ ৱ্যৱহাৰ কৰা হয়। অসমত বহুল ভাৱে ব্যৱহাৰ হোৱা ফছফৰাছ দ্রৱীভূতকাৰী সাৰবিধৰ নাম হ’ল ফছফটিকা।  
  
    জীৱাণুসাৰৰ ব্যৱহাৰ

    ক) নাইট্র’জেনৰ বাবেঃ-
+ মাহ জাতীয় শস্যত নাইট্র’জেন সাৰ যোগানৰ বাবে ৰাইজ’বিয়াম
+ মাহ জাতীয় শস্যবাদে আন শস্যত এজ’স্পাইৰিলাম অথবা এজ’ট’বেক্টাৰ
+ কুঁহিয়াৰৰ বাবে কেৱল এচিট’বেক্টাৰ

   খ) ফছফৰাছৰ বাবেঃ-
+সকলো শস্যৰ বাবে ফছফটিকা

 গুৰি ৰূপত থকা জীৱাণুসাৰৰ প্রয়োগ প্রণালী

ক) বীজ শোধনঃ- দুশ গ্রাম ৰাইজ’বিয়াম/ এজ’স্পাইৰিলাম / এজ’ট’বেক্টাৰ আৰু ২০০ গ্রাম ফছফটিকা ৩০০-৪০০ লিটাৰ পানীত মিহলাই এটা মিশ্রণ প্রস্তুত কৰি তাৰ লগত ১০ কিলোগ্রাম বীজ এনেদৰে মিহলাব লাগে যাতে প্রতিটো বীজত এটা ক’লা বৰণৰ প্রলেপ পৰে। বীজখিনি ছাঁত শুকুৱাই যিমান পাৰি সোনকালে সিঁচিব লাগে।

খ) কঠীয়া নাইবা পুলি শোধনঃ- শাক-পাচলি যেনে- ফুলকবি, বন্ধাকবি, বিলাহী, জলকীয়া, বেঙেনা আদিৰ পুলি ৰোৱাৰ আগেয়ে শিপাবোৰ জীৱাণুসাৰৰ মিশ্রণত ৩০-৪০ মিনিট ডুবাই ল’ব লাগে। তাৰবাবে এক কিলোগ্রাম এজ’ট’বেক্টাৰ আৰু এক কিলোগ্রাম ফছফটিকা পৰ্যাপ্ত পৰিমাণৰ পানী লগত মিহলাই জীৱাণুসাৰৰ মিশ্রণটো প্রস্তুত কৰিব লাগে। এইদৰে এক একৰ (৩.৫ বিঘা ) মাটিত ৰুবলগীয়া পুলি শোধন কৰিব পৰা যায়।ধানৰ কঠীয়া শোধন কৰিবলৈ ডৰাটোৰ এচুকত ত্রিভূজৰ আকাৰত এটাত ভেটা দি ল’ব লাগে। ভেটাৰ ভিতৰৰ অতিৰিক্ত পানীভাগ বাহিৰ কৰি ৰৈ যোৱা বোকাখিনিৰ লগত ২ কিলোগ্রাম এজ’স্পাইৰিলাম আৰু ২ কিলোগ্রাম ফছফটিকা মিহলাই ৰুবলগীয়া কঠীয়াৰ শিপা প্রায় দুঘন্টা ডুবাই থব লাগে। এইদৰে এক একৰ (৩.৫ বিঘা ) মাটিত ৰুবলগীয়া কঠীয়া শোধন কৰিব পৰা যায়।

গ) মাটি শোধনঃ- এজ’স্পাইৰিলাম / এজ’ট’বেক্টাৰৰ ৪ কিলোগ্রাম আৰু ফছফটিকাৰ ৪ কিলোগ্রাম ১০০ কিলোগ্রাম পচন সাৰৰ লগত মিহলাই এৰাতি থৈ বীজ সিঁচা নাইবা পুলি ৰোৱাৰ আগেয়ে পথাৰত ছটিয়াই দিব লাগে। আলুৰ ক্ষেত্রত ২০-৩০ দিনৰ পাছত গছ গুৰিত মাটি চপোৱাৰ সময়ত জীৱাণুসাৰৰ এই মিশ্রণটো প্রয়োগ কৰিব লাগে।
     লেখক: উপ-প্রকল্প সঞ্চালক(আত্মা),তিনিচুকীয়াজিলা; ম’বাইল: ৯৪৩৫১৩৫৬৩১
















No comments:

Post a Comment