Friday 7 June 2013

জৈৱিক কৃষিত শস্যৰক্ষাৰ ব্যৱস্থাপনা... Pest management in organic farming...



সেউজী ধৰণী

অতিথী চ’ৰা

জৈৱিক কৃষিত শস্যৰক্ষাৰ ব্যৱস্থাপনা

ডঃ গীতাঞ্জলি দেৱী

বৰ্তমান সময়ৰ কৃষি বিজ্ঞানী আৰু পৰিবেশ সচেতন ব্যক্তিসকলৰ চিন্তা-চৰ্চাৰ প্ৰধান বিষয় হৈছে জৈৱিক কৃষি বিশ্বত প্ৰায় প্ৰতি দিনেই এই বিষয়ত আলোচনা চক্ৰ কিম্বা কৰ্মশালা অনুষ্ঠিত হৈ আছে বুলি কলেও বোধকৰো বঢ়াই কোৱা নহব এনে আলোচনা আদিৰ পৰা সদায়ে জৈৱিক কৃষিৰ কৌশলৰ বিষয়ে আমি জানিব পাৰিছো আৰু প্ৰয়োজন সাপেক্ষে এইবোৰ প্ৰয়োগ কৰিবলৈ যত্ন কৰিছো ইতিমধ্যে ভাৰতবৰ্ষত কেৰেলা, তামিলনাড়ু, মহাৰাষ্ট্ৰ, গুজৰাট আদি ৰাজ্যত এনেবোৰ কৌশল প্ৰয়োগ কৰি যথেষ্ট সফল হোৱা দেখা গৈছে সেয়ে দেশৰ আন ৰাজ্যৰ কৃষকসকলো এই দিশত ক্রমে আগ্রহী হৈ উঠিছে। এনে কৌশলবোৰ জুকিয়াই চালে দেখা পাওঁ যে মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণৰ উন্নতি সধাৰ লগতে সুপৰিচালনাৰ দ্বাৰা পৰিৱেশতন্ত্রত চলি থকা জৈৱিক চক্রত আঘাট নপৰাকৈ কৰা কৃষি পদ্ধতিয়েই হল জৈৱিক কৃষি। ইয়াকে কৰিবলৈ যাওঁতে জৈৱিক সাৰ আৰু জৈৱিক কীটনাশকৰ তথা ভেঁকুৰনাশক আদিৰ ব্যৱহাৰ বহুল ভাবে কৰা হয়। অর্থাৎ জৈৱিক কৃষিত ৰাসায়নিকৰ সলনি জৈৱিক দ্রব্যৰ ব্যৱহাৰত অধিক গুৰুত্ব দিয়া হয়। খেতি-পথাৰত অধিক মাত্রাত ৰাসায়নিক সাৰ কিম্বা ঔষধ প্রয়োগৰ বাবে হব পৰা বিপদৰ বিষয়ে বিজ্ঞানী তথা পৰিৱেশ সচেতন ব্যক্তিসকলে বহুদিনৰ পৰা সাৱধান বাণী শুনাই আহিছে আৰু তাৰ পৰিপ্রেক্ষিতত কুৰি শতিকাৰ শেষ ভাগৰ পৰা জৈৱিক সাৰ আৰু ঔষধৰ ব্যৱহাৰ ক্রমে বাঢ়ি আহিবলৈ ধৰে। আমাৰ এই লেখাত জৈৱিক কৃষি পদ্ধতিত অনিষ্টকাৰী কীট-পতংগ আৰু বেমাৰ আদি নিবাৰণৰ বাবে উদ্ভাৱন কৰা নতুন কৌশলবোৰৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম।

বিজ্ঞানীসকলে দেখিছিল যে প্রকৃতিত তৃণভোজী পতংগৰ লগতে কিছুমান পতংগভোজী কীট-পতংগও আছে যিবোৰৰ বাবে তৃণভোজীৰ সংখ্যা বিপদজনক ভাবে নাবাঢ়ি এক নির্দিষ্ট সীমাৰ ভিতৰত থাকে। সেইদৰে কিছুমান ৰোগৰ দ্বাৰা আক্রান্ত হৈয়ো কীট-পতংগৰ সংখ্যা প্রাকৃতিক ভাবে নিয়ন্ত্রণ হৈ থাকে। বিজ্ঞানীসকলে প্রকৃতিত ঘটি থকা এনেবোৰ ঘটনাক শৃংখলিত ভাবে অধ্যয়ন কৰি ৰাসায়নিক ঔষধৰ অনেক বিকল্প উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। জৈৱ কীটনাশক কিম্বা ভেঁকুৰনাশক হিচাপে নামাকৰণ কৰা এনে কিছুমান বিকল্পৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হল।

১) Trichogramma নামৰ এবিধ কীটৰ পলুৱে প্রায় ২০০বিধমান আন কীটৰ কণী ভক্ষণ কৰে। এনে চৰিত্রৰ বাবে প্রকৃতিত উপলব্ধ এইবিধ কীট বর্তমান জৈৱ কীটনাশক হিচাপে বহুল ভাবে ব্যৱহাৰ কৰা হয়। এই কীটবিধৰ দুটা প্রজাতি – Trichogramma japonicum আৰু Trichogramma chilonis অসমৰ জলবায়ুৰ বাবে উপযোগী ইহঁতে আন কীটৰ কণীৰ ওপৰত কণী পাৰে [চিত্র-১]। কণীবোৰ অতি কম সময়ৰ ভিতৰতে ফুটি পলু বাহিৰ হয়। অতি ক্ষুদ্র এই পলুবোৰে আশ্রয় লোৱা কণীবোৰ খাদ্য হিচাপে গ্রহণ কৰে [চিত্র-২]আক্রান্ত কণীবোৰ সময়ত ক’লা বৰণৰ হৈ পৰে। বর্তমান গৱেষণাগাৰত এই দুয়োবিধৰে বংশ বৃদ্ধিৰ সহজ কৌশল উদ্ভাৱন কৰা হৈছে দেখা গৈছে যে প্রায় ২১°চে:গ্রে: উষ্ণতা আৰু ৬০% আর্দ্রতাত ইহঁতে ১০-১৪ দিনত জীৱন চক্র সমাপ্ত কৰে। গৱেষণাগাৰত ডাঠ কাগজত ইহঁতক কণী পাৰিবলৈ দিয়া হয়। এনে কাগজবোৰ সংগ্রহ কৰি পথাৰত থৈ দিলে সময়ত পূর্ণাংগ কীটবোৰ ওলাই শস্যডৰাত বিয়পি পৰে আৰু আন কীটৰ কণীৰ ওপৰত কণী পাৰে। এনে কণীৰ পৰা ওলোৱা পলুবোৰে আশ্রয় লোৱা কণী ভক্ষণ কৰি অতি কম দিনতে পূর্ণাংগ ৰূপ পায়। থোপাকৈ কণী পৰা অনিষ্টকাৰী কীট-পতংগ ইহঁতৰ দ্বাৰা সহজে নিয়ন্ত্রণ কৰিব পৰা যায়। অসমৰ লগতে দেশৰ আন ৰাজ্যবোৰত ধানৰ প্রধান অনিষ্টকাৰী কীট মজাখোৱাক নিয়ন্ত্রণ কৰিবলৈ এইবিধ কীট ব্যৱহাৰ কৰা হৈছে। তাৰ বাবে একোখন ডাঠ কাগজত প্রায় ৫০০০ মান কণী সংগ্রহ কৰি কাগজবোৰ পথাৰত ওলোমাই থোৱা হয়। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ধানৰ ক্ষেত্রত প্রতি হেক্টৰ মাটিত ৫০০০ মান কণী থকা ১০ খন কাগজ বা কার্ড ৭ দিনৰ অন্তৰে অন্তৰে তিনিবাৰ শস্যাডৰাত ওলোমাই দি ধানৰ প্রধান অনিষ্টকাৰী কীট মজাখোৱাৰ আক্রমণ সহজে নিয়ন্ত্রণ কৰিব পৰা যায়। ইংৰাজীত tricho card [চিত্র-৩] নামেৰে জনা এনে কার্ড বর্তমান গৱেষণাগাৰতহে পোৱা যায় যদিও সামান্য পুজি আৰু প্রশিক্ষণৰ দ্বাৰা এনে কার্ড নিজেই প্রস্তুত কৰি ল’ব পাৰা যায় আনহাতে নিবনুৱা যুৱক-যুৱতীয়ে এনে গৱেষণাগাৰ স্থাপন কৰিও লাভবান হ’ব পাৰে। ইতিমধ্যে দক্ষিণ ভাৰতত এনে গৱেষণাগাৰৰ ব্যৱসায়ভিত্তিত স্থাপন হোৱা দেখা গৈছে।



চিত্র-১

চিত্র-২










চিত্র-৩


পথাৰত এইবিধ কীট প্রাকৃতিত ভাবে উপলব্ধ হোৱালৈ লক্ষ্য কৰি Tricho card ৰ বিকল্প হিচাপে পথাৰত পোৱা মজাখোৱাৰ কণী জৈৱ কীটনাশক হিচাপে ব্যৱহাৰ কৰাৰ থল আছে। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পথাৰত মজাখোৱাৰ বুজন সংখ্যক কণীৰ থোপা প্রাকৃতিক ভাবে এইবিধ কীটৰ দ্বাৰা আক্রান্ত হৈ থাকে। পথাৰত দেখা মজাখোৱাৰ কণীৰ থোপাবোৰ নষ্ট নকৰি পাতেৰে সৈতে ছিঙি আনি পাত্র এটাত লৈ পথাৰৰ মাজত থব লাগে। পাত্রটোৰ ওপৰত তাঁৰৰ জালি নাইবা আঁঠুৱাৰ কাপোৰেৰে ঢাকি দিব লাগে। সময়ত এনে কণীৰ থোপাৰ পৰা উপকাৰী কীটবিধ বাহিৰ হৈ পথাৰত বিয়পি পৰি মজাখোৱাৰ কণীৰ থোপাত কণী পাৰি নষ্ট কৰিব।

২) Crysoperila [চিত্র-৪] নামৰ পোকবিধৰ পলুৱে প্রায় সকলো ধৰণৰ পোক ভক্ষণ কৰে। সেয়ে বর্তমান এইবিধ উপকাৰী পোক জৈৱ কীটনাশক হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গৈছে। ইহঁতৰ কণীবোৰ তুঁহগুৰিৰ লগত মিহলি কৰি থব লাগে। প্রতি একৰ মাটিত ১০,০০০-৫০,০০০ কণীৰ আৱশ্যক হয়।

৩) Beauveria bassiana নামৰ এবিধ ভেঁকুৰ বহুতো অপকাৰীকীট নিয়ন্ত্রণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইবিধ ভেঁকুৰৰ দ্বাৰা আক্রান্ত পলু নাইবা পূর্ণাংগ কীটবোৰৰ দেহত বগা কপাহৰ দৰে চামনি পৰা দেখা যায়[ চিত্র-৫]বর্তমান এইবিধ ভেঁকুৰৰ বহুকেইটা প্রকাৰ পোৱা গৈছে যিবোৰ জৈৱিক কৃষিত বহুলভাবে ব্যৱহাৰ কৰা হয়। বজাৰত বিভিন্ন নামেৰে উপলব্ধ এইবিধ জৈৱ কীটনাশক ব্যৱহাৰ কৰি ধাননী পথাৰত দেখা দিয়া চৰহা পোক সহজে নিয়ন্ত্রণ কৰিব পৰা যায়।



চিত্র-৪ (পূর্ণাংগ)
চিত্র-৪ (পলু)











চিত্র-৫


৪) Bacillus thuringiensis নামৰ বেক্টেৰিয়াবিধে পখিলাজাতীয় কীটৰ পলু আক্রমণ কৰে। আক্রান্ত পলুবোৰৰ লৰচৰ কৰিব নোৱৰা হৈ পৰে আৰু দেহৰ পৰা জুলীয়া পদার্থ কিছুমান বাহিৰ হয়। এইবিধ বেক্টেৰিয়াৰ বহুকেইটা প্রজাতি জৈৱ কীটনাশক হিচাপে বজাৰত পোৱা যায় [চিত্র-৬]। অৱশ্যে যিবোৰ অঞ্চলত এৰি,মুগা আদি পোহা হয় তেনে অঞ্চলত এইবিধ জৈৱ কীটনাশক ব্যৱহাৰ কৰিব পৰা নাযায়। কাৰণ বেক্টৰিয়াবিধে এৰি-মুগাৰ পলু আক্রমণ কৰিব।


চিত্র-৬
চিত্র-৬

৫) Trichoderma নামৰ ভেঁকুৰ আৰু Pseudomonas নামৰ বেক্টৰিয়াবিধ একেলগে মাটিত মিহলালে কেঁচুৰ বংশ বৃদ্ধি হোৱাৰ লগতে বহুতো উদ্ভিদৰ ৰোগ নিৰাময় হয়।  Trichoderma নামৰ ভেঁকুৰবিধ সচৰাচৰ সকলো মাটিতে থাকে যদিও পচন সাৰ থকা মাটিত বেছিকৈ পোৱা যায়। ইতিমধ্যে বজাৰত উপলব্ধ হৈ উঠা এইবিধ জৈৱ ভেঁকুৰনাশক শুকান গোবৰ, খলিহৈ আদিৰ লগত মিহলাই মাটিত প্রয়োগ কৰি গছৰ শিপাৰ গুৰি পচা লেৰেলি যোৱা আদি ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি [চিত্র-৭] সেইদৰে Pseudomonas fluorescens নামৰ বেক্টেৰিয়াবিধ গোবৰৰ লগত মিহলি কৰি পুলি ৰোৱাৰ আগেয়ে গাঁতত প্রয়োগ কৰি বিলাহী, বেঙেনা, জলকীয়া আদিৰ মৰহি শুকাই যোৱা ৰোগ প্রতিৰোধ কৰিব পাৰি।


চিত্র- ৭
চিত্র-৭


৬) Steinernema আৰু Heterorhabditis নামৰ মাটিত থকা কৃমি দুবিধৰ কেইবাটাও প্রজাতি বর্তমান জৈৱ কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয় (চিত্র-৮)। ইহঁতে দেহত বিশেষ কিছুমান বেক্টেৰিয়া বহন কৰি ফুৰে। কৃমিবোৰৰ পোৱালীবোৰে মাটিত থকা কীটৰ দেহৰ ভিতৰলৈ যেতিয়া সোমায় যায় তেতিয়া বহন কৰা বেক্টেৰিয়াবোৰে কীটটোৰ দেহৰ ভিতৰত ক্ষীপ্রতাৰে বংশ বৃদ্ধি কৰাৰ লগতে কীটটোক আক্রমণ কৰে। আক্রান্ত কীটটোৰ ভিতৰত ঘাঁ লাগি মৰি যায়। কৃমিবোৰে এই বেক্টেৰিয়াবোৰ খায় আৰু কেইদিনমানৰ ভিতৰতে অসংখ্য পোৱালী কৃমি জন্ম দিয়ে,যিবোৰ মাটিত বিয়পি পৰে। বর্তমান এনে পোৱালী কৃমিবোৰ জৈৱ কীটনাশক হিচাপে বজাৰত পোৱা যায়। সাধাৰণতে জলসিঞ্চনৰ পানীৰ লগত মিহলাই এইবোৰ পথাৰত মেলি দিয়া হয়। অৱশ্যে গছ মজাখোৱা কীটৰ বাবে কৃমিবোৰ বিন্ধাবোৰত ঢালি দি ফুটাবোৰ কপাহ আদিৰে বন্ধ কৰি দিব লাগে। আনহাতে পাতত আক্রমণ কৰা কীটৰ বাবে পানীৰ মিহলাই ছটিয়াব লাগে। ভাল ফল পাবৰ বাবে পানীৰ মিশ্রণটোৰ লগত আঠাজাতীয় পদার্থ মিহলি কৰিব লাগে।


Steinernema
Heterorhabditis











চিত্র-৮

৭) কিছুমান উদ্ভিদৰ গা-গছ, ফুল, বীজ আদিৰ কীট-পতংগ, তথা ৰোগ নিবাৰণ কৰিব পৰা গুণ আছে। এনে গছ-লতাৰ ৰস নিষ্কাষণ কৰি প্রস্তুত কৰা বহুতো কীটনাশক আৰু ভেঁকুৰনাশক বজাৰত উপলব্ধ হৈছেনিম গছৰ পৰা প্রস্তুত কৰা এনে কিছুমান ঔষধ জৈৱ কৃষিত বহুল ভাবে ব্যৱহাৰ কৰা হয়।

৮) বিভিন্ন দ্রব্যই কীট-পতংগক আকর্ষণ কৰে। এনে দ্রব্যবোৰক ইংৰাজীত Pheromone কোৱা হয়। সেইদৰে আন কিছুমান দ্রব্যই কীট-পতংগক বিকর্ষণ কৰা দেখা যায়। আনহাতে বিভিন্ন ৰঙৰ প্রতিও কীট-পতংগবোৰ আকর্ষিত হয়। কীট-পতংগৰ এনে আচৰণৰ ওপৰত নির্ভৰ কৰি Pheromone trap বা টোপৰ ব্যৱহাৰ কৰি পথাৰত অনিষ্টকাৰী কীটৰ আক্রমণ কম কৰিব পৰা যায়। সেইদৰে বিকর্ষণ কৰা উদ্ভিদ বা পদার্থৰ দ্বাৰাও শস্যডৰা ৰক্ষা কৰিব পাৰি।





ফেৰ'মন ট্রেপ

৯) কিছুমান বিশেষ ভাইৰাছে কীট-পতংক আক্রমণ কৰে। জৈৱিক কৃষিত বর্তমান এনে ভাইৰাছৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। Nuclear Ployhedrosis Virus (NPV) নামৰ ভাইৰাছবিধ মাহজাতীয় শস্যৰ ছেঁই বিন্ধা কৰা আৰু বিভিন্ন গছৰ গুৰি কুটা পলু নিয়ন্ত্রণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই দুয়োবিধ বর্তমান বজাৰত NPV(H) আৰু NVP(S) নামেৰে সহজলভ্য হৈ উঠিছে। ইয়াৰ প্রথমবিধ মাহজাতীয় শস্যৰ বাবে আৰু আনবিধ গুৰি কুটা পলুৰ বাবে ব্যৱহাৰ কৰা হয়।


ভাইৰাছ আক্রান্ত পলু

ওপৰত উল্লেখ কৰা জৈৱিক ঔষধবোৰৰ উপৰিও আন বহুতো প্রাকৃতিক ভাবে উপলব্ধ কীট তথা্ ভেঁকুৰনাশকৰ সম্ভেদ পোৱা গৈছেবর্তমান জৈৱ কৃষিত এনেবোৰৰ ব্যৱহাৰৰ সম্ভাৱনীয়তাৰ ওপৰত গৱেষণা হৈ আছে। আশা কৰা যায় যে অচিৰে আৰু বহুতো জৈৱ কীট তথা ৰোগনাশকে বজাৰত ভূমুকি মাৰিব, যিবোৰ ব্যৱহাৰ কৰি ৰাসায়নিক ঔষধৰ কু-প্রভাৱৰ পৰা পৰিত্রাণ পাব পৰা যাব।

_________________________________________________________________
লেখিকা কৃষি বিজ্ঞান কেন্দ্র, তিনিচুকীয়াৰ বিজ্ঞানী; 
ম'বাইল:৯৪৩৫৩ ৯৩৯০০




No comments:

Post a Comment